Showing posts with label ৰাগ কেদাৰ (Raag Kedar). Show all posts
Showing posts with label ৰাগ কেদাৰ (Raag Kedar). Show all posts

Tuesday, May 26, 2020

ৰাগ কেদাৰ পৰিচয় (Raag Kedar Parichay)

ৰাগ-কেদাৰ(Raag Kedar)

                                                               স্বৰলিপি                                                                  

 স্বৰ

 আৰোহনত ৰে আৰু গা বৰ্জিত, অৱৰোহনত গা বৰ্জিত আৰু তিব্ৰ মা আৰু শুদ্ধ মা দুয়োতা ব্যৱহাৰ হয়।

 জাতি

 ঔৰৱ-সম্পূৰ্ণ

 ঠাট

 কল্যাণ

 বাদি/সম্বাদি

 মা/সা

 সময়

 ৰাতিৰ প্ৰথম প্ৰহৰ

 মূখ্য অংগ

 সা মা; মা পা; মা' পা ধা পা মা'; সা ৰে সা, মা' পা ধা পা মা' পা সা°; সা° ৰে° সা° সা° ধা ধা পা

 আৰোহ-অৱৰোহ

 সা মা পা ধা নি সা°- সা° নি ধা পা; মা' পা ধা পা; মা মা ৰে সা;


বিশেষত্ব: ৰাতিৰ প্ৰথম প্ৰহৰত পৰিৱেশন কৰা এই ৰাগ কৰুণ ৰসেৰে পৰিপূৰ্ণ তথা অতি মধুৰ। কিছু বিদ্বানে অৱৰোহনত গান্ধাৰৰ(গা) প্ৰয়োগ নকৰি ইয়াক ঔৰৱ-ষাৰৱ বুলি কয়। গান্ধাৰৰ প্ৰয়োগ অলপকৈ কৰিলে ৰাগৰ সুন্দৰতা আৰু বৃদ্ধি হয়। গান্ধাৰ(গা) ৰ অল্প প্ৰয়োগ মধ্যম(মা)ক বক্ৰ কৰি বা মীড়ৰৰ সৈতে কৰা হয়। যেনে- সা মা গা পা; মা' পা ধা পা; মা গা ৰে সা।

মধ্যম স্বৰৰ পৰা ওপৰলৈ যাওঁতে তীব্ৰ মাৰ ব্যৱহাৰ কৰা হয়, যেনে- মা' পা ধা পা ; মা' পাধানিসা° ; মা' পা ধা পা সা' ; এইদৰে পঞ্চম (পা) ৰ পৰা চিধা তাৰ সপ্তকৰ সা লৈকে যোৱা হয়। অৱৰোহনত নি ৰব্যৱহাৰ কমকৈ কৰা হয় যেনে- সা° ৰে° সা° সা° ধা ধা পা। শুদ্ধ মা ৰ অধিক ব্যৱহাৰৰ কাৰণে ৰে মা প্ৰয়োগৰ ক্ষেত্ৰত কোমল নি ৰ প্ৰয়োগ ৰাগৰ সৈন্দয্য বৃদ্ধিৰ বাবে অলপকৈ কৰা হয় যেনে- মা' পা ধা নি ধা পা  মা।