ৰাগ ভৈৰৱ(Raag Bhairav)
স্বৰলিপি
| স্বৰ | ৰে আৰু ধা কোমল, অন্য সকলো স্বৰ শুদ্ধ
|
| জাতি | সম্পূৰ্ণ-সম্পূৰ্ণ |
| ঠাট | ভৈৰৱ
|
| বাদি/সমবাদি | ধৈৱত/ঋষভ (ধা-ৰে)
|
| সময় | দিনৰ প্ৰথম প্ৰহৰ
|
| মূখ্য অংগ | ৰে ৰে সা; ধা ধা পা; গা মা ধা ধা পা; গা মা ৰে ৰে সা; নি সা; |
| আৰোহ-অৱৰোহ | সা ৰে গা মা পা ধা নি সা°- সা° নি ধা পা মা গা ৰে সা |
বিশেষত্ব: ৰাগ ভৈৰৱ প্ৰভাত বেলাৰ প্ৰসিদ্ব ৰাগ। ইয়াৰ পৰিৱেশ ভক্তিৰসৰ গাম্ভীয্যতাৰে পৰিপূৰ্ণ। এই ৰাগ ভৈৰৱ ৰাগৰ আশ্ৰয় ৰাগ। এই ৰাগত ঋষভ আৰু ধৈৱত ৰাগক আন্দোলিত কৰি গোৱা হয়। এই ৰাগত মধ্যমৰ পৰা মীড় দ্বাৰা গান্ধাৰক স্পৰ্শ কৰি ঋষভক আন্দোলিত কৰি গোৱা হয়।
এই ৰাগত পঞ্চম স্বৰক অধিক ডাঙৰকৈ গালে ৰামকলি ৰাগৰ কঞ্চিত আভাস পোৱা যায়। ইয়াৰ সমপ্ৰকৃতিৰ ৰাগ হৈছে কলিংগড়া আৰু ৰামকলি।
কৰুণ ৰসেৰে পৰিপূৰ্ণ ভৈৰৱ ৰাগৰ প্ৰকৃতি গম্ভীৰ। এই ৰাগৰ বিস্তাৰ তিনিও সপ্তকতে কৰা হয়। এই ৰাগত ধ্ৰুপদ, খেয়াল, তাৰানা আদি গোৱা হয়। এই ৰাগৰ আৰু বিভিন্ন প্ৰকাৰ প্ৰচলিত আছে- প্ৰভাত ভৈৰৱ, অহিৰ ভৈৰৱ আদি।