Thursday, May 28, 2020

ৰাগ অল্হৈয়া বিলাৱল পৰিচয় (Raag Alhaiya Bilawal)

ৰাগ অল্হৈয়া বিলাৱল পৰিচয় (Raag Alhaiya Bilawal)

স্বৰলিপি


 স্বৰ

 আৰোহনত মধ্যম বৰ্জিত, দুয়োটা নি ৰ ব্যৱহাৰ হয়, বাকি সকলো স্বৰ শুদ্ধ ।

 জাতি

 সাৰৱ-সম্পূৰ্ণ

 ঠাট

 বিলাৱল

 বাদি/সমবাদি

 ধা/গা

 সময়

 দিনৰ প্ৰথম প্ৰহৰ (6AM - 9AM)

 মূখ্য স্বৰ

 গা ৰে গা পা; ধা নি ধা পা; মা গা ৰে; গা পা ধা নি সা°

 আৰোহ-অৱৰোহ

 সা ৰে গা পা ধা নি সা°- সা° নি ধা পা ধা নি ধা পা মা গা ৰে সা


ৰাগ বিৱৰণ: ৰাগ বিলাৱলত কোমল নি (নি) ৰ ব্যৱহাৰ কৰিলে অল্হৈয়া বিলাৱল হয়। ৰাগৰ মূখ্য বৈশিষ্ট হৈছে বাদি ধা কিন্তু ই ন্যাস স্বৰ নহয়। ইয়াৰ প্ৰকৃত নাম কল্যাণ কিন্তু মোগল ৰাজত্বৰ পাছৰে পৰা ই ইমন হিচাপে জনাজাত হয়। আৰোহনত নি ৰ  ব্যৱহাৰে ইয়াৰ সৈন্দৰ্য্য বৃদ্ধি কৰে। ইয়াৰ ন্যাস স্বৰ পা আৰু গা। ইয়াত দুটা ধা ৰ মাজত কোমল নি (নি) ব্যৱহাৰ হয় যেনে- সা° নি ধা পা; ধা নি ধা পা।

            উত্তৰংগ প্ৰধান ৰাগ আৰু মধ্য আৰু তাৰ সপ্তকলৈ প্ৰসাৰিত হয়।

No comments:

Post a Comment